Psalms 135

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
যিহোৱাৰ নামৰ প্ৰশংসা কৰা।
হে যিহোৱাৰ দাসসকল, তেওঁৰ প্রশংসা কৰা।
2তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!

3তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়;

তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।
4কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক,
নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।

5কিয়নো মই জানো যে যিহোৱা মহান,

আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।
6আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।

7তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে;

তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।

8তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তানসকলক আঘাত কৰিছিল;

মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
9হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে;
ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।

10তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।

11ইমোৰীয়াসকলৰ ৰজা চিহোন,
বাচানৰ ৰজা ওগক বধ কৰিলে;
কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।

12তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে;

নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।
13হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী;
হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।

14কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব,

নিজ দাসসকলক কৃপা কৰিব।
15জাতিসমূহৰৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ;
সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য্য।
16সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে;
চকু আছে, কিন্তু নেদেখে;
17কাণ আছে, কিন্তু নুশুনে,
সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
18সেইবোৰৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা;
সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।

19হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;

20হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
হে যিহোৱালৈ ভয় ৰখা ভক্ত লোকসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক;
তেওঁ যিৰূচালেমত নিবাস কৰে।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
21

Copyright information for AsmULB